১. Website Content (ৱেবছাইট সমল)
এখন ব্যৱসায়িক ৱেবছাইটৰ মূল কাম হ’ল এজন নতুন গ্ৰাহকে যাতে চাই তৎক্ষণাত বুজি পায়—আপোনাৰ প্ৰতিষ্ঠানে কি কৰে, কি কি সেৱা বা খাদ্য উপলব্ধ আৰু কেনেকৈ অৰ্ডাৰ বা যোগাযোগ কৰিব পাৰি।
অনলাইনত ব্যৱসায় এটা উপস্থাপন কৰিবলৈ আপুনি লেখক, ডিজাইনাৰ বা ভিডিঅ' এডিটৰ হোৱাৰ প্ৰয়োজন নাই। কেৱল কোনটো কণ্টেণ্ট কি কামত ব্যৱহাৰ হয় আৰু তাৰ উদ্দেশ্য কি—এইখিনি বুজি ল’লেই যথেষ্ট।
প্ৰতিটো কণ্টেণ্টৰ উদ্দেশ্য আৰু ভূমিকা সুকীয়া। ব্যৱসায়িক প্ৰয়োজন অনুসৰি সঠিক স্থানত সঠিক সমল ব্যৱহাৰ কৰিব লাগে:
এখন ব্যৱসায়িক ৱেবছাইটৰ মূল কাম হ’ল এজন নতুন গ্ৰাহকে যাতে চাই তৎক্ষণাত বুজি পায়—আপোনাৰ প্ৰতিষ্ঠানে কি কৰে, কি কি সেৱা বা খাদ্য উপলব্ধ আৰু কেনেকৈ অৰ্ডাৰ বা যোগাযোগ কৰিব পাৰি।
SEO Article হৈছে এনে এক প্ৰবন্ধ যিয়ে গ্ৰাহকৰ মনত থকা প্ৰশ্নৰ প্ৰকৃত উত্তৰ দিয়ে। চাৰ্চ ইঞ্জিনত এক নম্বৰ হোৱাৰ ভুৱা প্ৰতিশ্ৰুতি দিয়াতকৈ মানুহৰ কামত অহা শুদ্ধ আৰু প্ৰয়োজনীয় তথ্য দিয়াটোহে আচল উদ্দেশ্য।
ছচিয়েল মিডিয়াত এটা পোষ্টৰ প্ৰতিটো অংশই বেলেগ কাম কৰে। লেখা কেপশ্বন (Caption) আৰু ফটো বা গ্ৰাফিক্স (Visual) দুয়োটা মিলিহে এটা সম্পূৰ্ণ বাৰ্তা প্ৰস্তুত হয়।
ব্যৱসায়িক ছবি কেৱল ধুনীয়া দেখালেই নহ’ব, ইয়াৰ দ্বাৰা গ্ৰাহকে স্পষ্ট তথ্য পাব লাগিব। ছবিখনত সামগ্ৰী, অফাৰ, ঠিকনা অথবা যোগাযোগৰ স্পষ্ট মাধ্যম (CTA) থকাটো দৰকাৰী।
এটা সাধাৰণ প্ৰচাৰমূলক চমু ভিডিঅ’ত মূল ব্যৱসায়ৰ নাম, বিশেষ অফাৰ, প্ৰডাক্ট আৰু শেষত যোগাযোগৰ নম্বৰ সন্নিৱিষ্ট কৰা হয়। ই কোনো জটিল চিনেমেটিক ভিডিঅ’ নহয়, বৰঞ্চ গ্ৰাহকক সৰলভাৱে বিজ্ঞাপন দিয়াৰ মাধ্যম।
ৰেষ্টুৰেণ্ট মেনু, মূল্য তালিকা বা সামগ্ৰীৰ তালিকা সঘনাই সলনি হ’ব পাৰে। WebDot.in-এ এনে এক Self-use টুলৰ ব্যৱস্থা ৰাখিছে যাতে ব্যৱসায়ীসকলে নিজে প্ৰয়োজন অনুযায়ী তালিকা আপডেট কৰি প্ৰিণ্ট বা সংৰক্ষণ কৰিব পাৰে।
তলৰ বাকচসমূহত টিক মাৰি পৰীক্ষা কৰক আপোনাৰ কি কি প্ৰস্তুতি সম্পূৰ্ণ হৈছে:
"আপুনি ব্যৱসায়টো চলাওক, আমি online কামবোৰ সহজ কৰি দিওঁ।"
WebDot.in-ৰ উদ্দেশ্য প্ৰতিজন ব্যৱসায়ীক কম্পিউটাৰ বিশেষজ্ঞ সজোৱা নহয়; বৰঞ্চ যেতিয়া আপোনাক কাৰিকৰী আৰু পেছাদাৰী সহায়ৰ প্ৰয়োজন হয়, তেতিয়া কামবোৰ সহজ কৰি দিয়া।