WebDot.in ব্ৰেণ্ডিং নিৰ্দেশিকা
Branding
📖 ব্যৱহাৰিক ব্ৰেণ্ডিং সহায়িকা

ব্যৱসায়িক পৰিচয়ৰ সহজ নিৰ্দেশিকা

ল'গ', ৰং, ফন্ট আৰু ভিজিটিং কাৰ্ড নিৰ্বাচন কৰোঁতে সৰু বা মজলীয়া ব্যৱসায়সমূহে কি কি কথাত গুৰুত্ব দিয়া উচিত—তলৰ সহজ নিৰ্দেশনাখিনিত জানক।

🌈

২. ব্ৰেণ্ডৰ ৰং (Brand Colours)

বিশ্বাস আৰু অনুভৱ গঢ়ি তোলাৰ মাধ্যম
এইটো কি আৰু কিয় লাগে?

নির্দিষ্ট ২-৩টা ৰঙৰ সমন্বয় যিটো সদায় আপোনাৰ ব্যৱসায়িক সমগ্ৰ প্ৰচাৰত একেধৰণে ব্যৱহাৰ হয়।

কি কথাত গুৰুত্ব দিব?

বহুতো ৰং একেলগে নিমিহলাব। ১টা মুখ্য ৰং (Primary), ১টা গৌণ ৰং (Secondary) আৰু ১টা বুটামৰ ৰং (Accent) নিৰ্ধাৰণ কৰক।

পঢ়াৰ সুবিধা (Contrast)

বগা বা ক'লা পৃষ্ঠভূমিত আখৰবোৰ সহজে দেখা পাইনে নাই পৰীক্ষা কৰক। অস্পষ্ট ৰঙে গ্ৰাহকক বিভ্রান্ত কৰে।

ব্যৱহাৰিক পৰামৰ্শ

ৰং নিৰ্বাচনৰ পাছত তাৰ HEX Code (#D4AF37 আদি) টুকি ৰাখক, যাতে ভৱিষ্যতে ছপাশালত একে ৰঙে ব্যৱহাৰ হয়।

Colour Studio খোলক
🔤

৩. টাইপোগ্ৰাফী আৰু ফন্ট (Typography)

পৰিষ্কাৰ আৰু পেছাদাৰী পঠনযোগ্যতা
এইটো কি আৰু কিয় লাগে?

ব্যৱসায়ৰ নাম, মেনু আৰু বিৱৰণ লিখিবলৈ বাছনি কৰা আখৰৰ শৈলী। ইয়ে ব্যৱসায়টোৰ গুৰুত্ব আৰু মান প্ৰকাশ কৰে।

শীৰ্ষক vs বিৱৰণ ফন্ট

নামৰ বাবে অলপ গাম্ভীৰ্যপূৰ্ণ বা ডাঠ ফন্ট আৰু তলৰ সৰু বিৱৰণৰ বাবে অতি সহজে পঢ়িব পৰা সৰল ফন্ট বাছক।

অসমীয়া আৰু ইংৰাজী মিশ্ৰণ

দ্বিভাষিক ব্যৱসায়ত অসমীয়া আৰু ইংৰাজী দুয়োটা ফন্টৰ উচ্চতা আৰু ডাঠতা যাতে সমানে সুন্দৰ দেখায় তাক লক্ষ্য কৰক।

ব্যৱহাৰিক পৰামৰ্শ

অত্যাধিক ষ্টাইলিশ বা কেঁচা হস্তাক্ষৰ সদৃশ ফন্ট দোকানৰ ব'ৰ্ডত ব্যৱহাৰ নকৰাই ভাল, কাৰণ চলন্ত মানুহে তাক সহজে পঢ়িব নোৱাৰে।

Font Studio খোলক
📇

৪. ছপা ভিজিটিং কাৰ্ড (Business Card)

হাতে হাতে যোগাযোগ স্থাপনৰ বিশ্বাসযোগ্য মাধ্যম
এইটো কি আৰু কিয় লাগে?

দোকানলৈ অহা গ্ৰাহক বা ব্যৱসায়িক সহযোগীৰ হাতত তুলি দিয়া এখন ৩.৫" x ২" ইঞ্চিৰ পৰিচয় পত্ৰ।

কাৰ্ডত কি কি থাকিব লাগে?

ব্যৱসায়ৰ নাম, স্বত্বাধিকাৰীৰ নাম, স্পষ্ট ফোন নম্বৰ, WhatsApp, ঠিকনা আৰু এটা স্কেন কৰিব পৰা QR ক'ড।

সন্মুখ আৰু পিছফালৰ সঠিক ব্যৱহাৰ

সন্মুখভাগত (Front) কেৱল ল'গ' আৰু নাম ৰাখক। পিছফালে (Back) যাৱতীয় ফোন নম্বৰ আৰু ঠিকনা পৰিপাটিকৈ সজাওক।

ব্যৱহাৰিক পৰামৰ্শ

কাৰ্ডখনত অপ্ৰয়োজনীয় দীঘলীয়া বাক্য নিলিখিব। মানুহে কাৰ্ডত যোগাযোগৰ নম্বৰহে বিচাৰে।

Business Card Studio খোলক
📲

৫. ডিজিটেল ভিজিটিং কাৰ্ড (Digital Visiting Card)

ম'বাইল আৰু ইন্টাৰনেটৰ যুগত ১-ক্লিক সংযোগ
এইটো কি আৰু কিয় লাগে?

এখন ইন্টাৰেক্টিভ ম'বাইল কাৰ্ড—য'ত গ্ৰাহকে নম্বৰ সেভ নকৰাকৈও ১টা ক্লিকতে কল, WhatsApp বা মেপ খোলিব পাৰে।

ক'ত শ্বেয়াৰ কৰিব?

WhatsApp Bio, Instagram Profile Link, Facebook পেজ বা নতুন গ্ৰাহকলৈ মেছেজযোগে প্ৰেৰণ কৰিব পাৰি।

ছপা কাৰ্ডতকৈ কি লাভ?

ই কেতিয়াও শেষ নহয়, হেৰাই নাযায় আৰু ফোন বা ঠিকনা সলনি হ'লে অনলাইনতে আপডেট কৰি ল'ব পাৰি।

ব্যৱহাৰিক পৰামৰ্শ

দোকানৰ কাউন্টাৰত এই ডিজিটেল কাৰ্ডৰ QR ক'ড লগাই থ'লে গ্ৰাহকে সহজে স্কেন কৰি ফোনত সংৰক্ষণ কৰিব পাৰে।

Digital Card Studio খোলক
📁

৬. ব্ৰেণ্ড কিট (Basic Brand Kit)

সকলো ব্ৰেণ্ডিং উপাদান একেখন ছাতিৰ তলত
এইটো কি আৰু কিয় লাগে?

ল'গ', কালাৰ পেলেট আৰু ফন্টৰ এটা যৌথ সংকলন, যাতে ব্যৱসায়ৰ প্ৰতিটো বস্তুৱে একে ধৰণৰ প্ৰফেচনেল ৰূপ ধৰি ৰাখে।

সুসংগত ৰূপৰ সুবিধা

ছাইনবৰ্ড, বিল বুক, কাপোৰ আৰু ছচিয়েল মিডিয়াত একে ৰং আৰু ল'গ' দেখিলে গ্ৰাহকৰ মনত ব্যৱসায়টোৰ প্ৰতি বিশ্বাস বাঢ়ে।

ছপাশালৰ বাবে সহায়ক

যিকোনো নতুন বেনাৰ বা বেগ ছপাবলৈ দিলে এই কিটটো প্ৰিণ্টাৰক দিলে তেওঁ ভুল ৰং বা ভুল ফন্ট ব্যৱহাৰ নকৰে।

ব্যৱহাৰিক পৰামৰ্শ

নিজে সকলো মিলাই চাবলৈ আমাৰ Free Brand Kit ক্ৰিয়েটৰ ব্যৱহাৰ কৰক নাইবা ₹৯৯৯ ত পেছাদাৰী পেক নিৰ্মাণ কৰক।

Brand Kit Studio খোলক

💡 এটা সোণালী নিয়ম

ব্ৰেণ্ডিং মানে কেৱল সুন্দৰ ছবি নহয়—ই হ'ল ব্যৱসায়ৰ ধাৰাবাহিকতা (Consistency)। আপোনাৰ দোকানৰ ছাইনবৰ্ড, বিল বুক, হোৱাটছএপ আৰু পোষ্টাৰত যেতিয়া সদায় একেটা ল'গ' আৰু একেখিনি ৰং ব্যৱহাৰ হ'ব, তেতিয়াই ব্যৱসায়ে এটা শক্তিশালী ব্ৰেণ্ডৰ স্বীকৃতি লাভ কৰিব।

Branding শিতানলৈ উভতি যাওক